অতিৰিক্ত ওজন শৰীৰৰ বাবে একেবাৰেই ভাল নহয়।
আমাৰ প্ৰধান কৰ্তব্য হ’ল পেটৰ অতিৰিক্ত চৰ্বি কমোৱা। কাৰণ চৰ্বি পেটত থাকিলে শাৰীৰিক অনেক সমস্যাৰ সৃষ্টি হয়। সেয়েহে পেটৰ চৰ্বি সোনকালে কমাব লাগে।
দৈনিক ব্যায়াম অতি গুৰুত্বপূৰ্ণ। তদুপৰি এনে কিছুমান ৰস ঘৰতে বনাবও পাৰে।যি ওজন কমায়।

এই ক্ষেত্ৰত বিলাহীৰ ৰসে বহুত ভাল কাম কৰে। এই ৰসত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট থাকে। এন চি বি আইত প্ৰকাশিত এক অধ্যয়ন অনুসৰি ৬ সপ্তাহৰ বাবে মাত্ৰ ৫০ মিলিলিটাৰ কেঁচা বিলাহীৰ ৰস সেৱন কৰিলে সহজে ওজন কমে।
কবি শৰীৰৰ বাবেও অতি উত্তম। কিন্তু থাইৰয়ডৰ সমস্যা থাকিলে কবি একেবাৰেই নাখাব। প্ৰতিদিনে পুৱা কবিৰ ৰস খালে বহু সমস্যাৰ পৰা পৰিত্ৰাণ পোৱা যাব। ইয়াৰ উপৰিও ইয়াত প্ৰচুৰ পৰিমাণে আঁহ থাকে, যাৰ ফলত পেটটো বহুসময় ভৰি থাকে।
লাউৰ ৰসত আঁহৰ পৰিমাণ বেছি। এই শাকবিধে শৰীৰৰ শক্তি বজাই ৰখাৰ লগতে খাদ্য হজম কৰাত সহায় কৰে। লগতে পেটটো বহু সময়লৈকে ভৰি থাকে। দৈনিক খাদ্য তালিকাত ৰাখিলে ওজন সোনকালে কমিব।
বীট শৰীৰৰ বাবেও অতি উত্তম। বীটত কেলৰি কম থাকে। বৰঞ্চ ই এন্টিঅক্সিডেন্ট, মিনাৰেল আৰু ফাইবাৰেৰে ভৰপূৰ। গতিকে ওজন কমাবলৈও বুটমাহে বহুত ভাল কাম কৰে।
প্ৰতিদিনে এগিলাচ বুটমাহৰ ৰস খালে শৰীৰৰ চৰ্বি সহজে নিয়ন্ত্ৰণ কৰিব পৰা যায়।