Daily Time Axom

যোগীৰাজ্যত ভুৱা যৌন উদ্দীপক ঔষধ বিক্ৰী! আৰক্ষীৰ জালত অভিযুক্ত

0 32

যোগীৰাজ্যত ভুৱা যৌন বৰ্ধক ড্ৰাগছ বিক্ৰী কৰাৰ অপৰাধত গ্ৰেপ্তাৰ হৈছে ৪ অভিযুক্তক। লক্ষ্ণৌৰ বিশেষ টাস্ক ফ’ৰ্চে আটক কৰে ৪জনক। ইতিমধ্যে অভিযুক্তৰ ‘ফান্দ’টোধৰা পৰিছে।

ধৃত অভিযুক্ত কেইজন হৈছে ধৰ্ম সিং, ধ্যান সিং, বীৰ সিং, লাল সিং ওৰফে গুলাব সিং।সিহঁতৰ পৰা ৪টা মোবাইল ফোন, কেছ বুক, দুটা ভুৱা প্ৰমাণ পত্ৰ, আয়ুৰ্বেদিক টেবলেট থকা ২২টা সৰু বটল আৰু ২৬৪০ টকাৰ নগদ ধন উদ্ধাৰ কৰিছে। বিশেষ টাস্ক ফ’ৰ্চৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিশাল বিক্ৰমে কয় যে আমিও ফান্দ পাতি আছিলো। তেনেকৈয়ে ধৰা পৰিল অভিযুক্ত। নিজৰ অপৰাধ স্বীকাৰ কৰিছে। চাইবাৰ কেফেৰ মালিকৰ পৰা ভুৱা প্ৰমাণ পত্ৰ প্ৰস্তুত কৰা বুলি জানিবলৈ দিয়ে। যাৰ বাবে খৰচ আছিল ৭৫০ টকা।”

তেওঁ কয় যে অভিযুক্তই আগতে ভুৱা উদ্দীপক বিক্ৰী কৰিছিল। আৰু সেইবাবেই তেওঁ ভুৱা চাৰ্টিফিকেট ব্যৱহাৰ কৰিছিল। বহুদিনৰ পৰাই এই খবৰটো আৰক্ষীৰ ওচৰলৈ আহি আছিল। অৱশেষত ফান্দত পৰিল অভিযুক্তকেইটা। তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।

Leave A Reply

Your email address will not be published.