যোৱা দেওবাৰে অষ্ট্ৰেলিয়াৰ এটা দুৰ্গম অঞ্চলত সংঘটিত হৈছিল এক অবিশ্বাস্য কাণ্ড।
অঞ্চলটোত হোৱা ধাৰাসাৰ বৰষুণৰ সময়তে এবিধ মাছৰো বৰষুণ হয়। এই ঘটনাৰ পিছতে স্তম্ভিত হৈ পৰে ৰাইজ। এনে লাগিল যেন এই মাছ স্বৰ্গৰ পৰাহে পৰি আছে। তদুপৰি মাছবোৰ জীয়াই আছিল।
উত্তৰ টেৰিটৰীৰ তানামি মৰুভূমিৰ উত্তৰ প্ৰান্তত অৱস্থিত লাজামানুৰ বাসিন্দাসকলে কয় যে ধাৰাসাৰ বৰষুণৰ সময়ত এই ঘটনা সংঘটিত হয়।
চেণ্ট্ৰেল ডেজাৰ্ট কাউন্সিলাৰ এণ্ড্ৰু জনছনে সংবাদ মাধ্যমৰ আগত কয়, ‘আমাৰ অঞ্চলত হঠাতে ধুমুহা আহে । আমি প্ৰথমতে ভাবিছিলো যে ই কেৱল ধুমুহাহে, কিন্তু হঠাতে মাছৰ বৰষুণ দিবলৈ ধৰিলে।’
তেওঁ কয় যে বোকাত পৰি মাছবোৰ এতিয়াও জীয়াই আছে। তেওঁ আৰু কয়, ‘কিছুমানে এতিয়াও পানীৰে ভৰা গাঁতত মাছ বিচাৰি আছে।’ ইয়াৰ আগতে ১৯৭৪ চনতো এনে কাণ্ড সংঘটিত হৈছিল।