প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰি কয় যে এই দেশৰ অপ্ৰদূষণকাৰী শক্তি (সেউজ শক্তি)ৰ ক্ষেত্ৰত বিনিয়োগ সোণ খননত কৰা বিনিয়োগতকৈ কম নহয়। এই ক্ষেত্ৰত তেওঁ সকলো ধৰণৰ সৰু-বৰ ব্যৱসায়ীক মূলধন ঢালিবলৈ আহ্বান জনায়।
প্ৰধানমন্ত্ৰীয়ে আজিৰে পৰা বাজেটৰ মূল ১২টা বিষয়ক ৱেবিনাৰৰ জৰিয়তে ভাষণ দিবলৈ আৰম্ভ কৰিছে। আজিৰ বিষয় আছিল স্বচ্ছ উন্নয়ন খণ্ডত বিনিয়োগ। প্ৰদূষণৰ পৰা হাত সাৰিবলৈ সমগ্ৰ বিশ্বই ক্ৰমান্বয়ে পৰিৱেশ অনুকূল ইন্ধন বা বৈদ্যুতিক বেটাৰী চালিত বাহনৰ ফালে মুখ কৰি আহিছে। প্ৰধানমন্ত্ৰীয়ে কয় যে, ‘সেউজ উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতে অনাগত দিনত তিনি লাখ গাড়ী পৰ্যায়ক্ৰমে বন্ধ কৰিবলৈ ওলাইছে।কেন্দ্ৰৰ মতে, স্বচ্ছ ইন্ধন ব্যৱহাৰ কৰি উদ্যোগ, পৰিবহণ, বিদ্যুৎ উৎপাদন খণ্ড ক্ৰমান্বয়ে কাৰ্বন মুক্ত হ’ব।
এই বাজেটত বিভিন্ন মন্ত্ৰালয়ৰ অধীনত সেউজ হাইড্ৰ’জেন, শক্তি সংৰক্ষণ, গোৱৰ্ধন প্ৰকল্প গ্ৰহণ কৰা হৈছে। আজি সেই বিষয়টো সন্দৰ্ভত উল্লেখ কৰি মোদীয়ে কয় যে ভাৰতক বিশ্বৰ সেউজ উন্নয়নৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে এইবাৰৰ বাজেট প্ৰস্তুত কৰা হৈছে। সেয়ে মই সকলো ধৰণৰ বিনিয়োগকাৰীক ভাৰতত বিনিয়োগ কৰিবলৈ আহ্বান জনাইছো। একে সময়তে মোদীয়ে জীৱাশ্ম ইন্ধনৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰা, বিকল্প শক্তি ব্যৱহাৰ কৰা আৰু গেছৰ ওপৰত নিৰ্ভৰশীলতা বৃদ্ধি কৰাত গুৰুত্ব আৰোপ কৰে। তেওঁ কয়, আগন্তুক দিনত এই তিনিটা বিষয় সেউজ উন্নয়নৰ প্ৰশ্নৰ মূল স্তম্ভ হিচাপে পৰিগণিত হ’বলৈ গৈ আছে।