Daily Time Axom

ইজনে সিজনৰ ভাষা নাজানে কিন্তু গুগল অনুবাদক ব্যৱহাৰ কৰি বিয়া পাতিলে দুয়ো

0 37

দুয়োৰে ভৌগোলিক দূৰত্ব পাঁচ হাজাৰ মাইলতকৈও অধিক। কিন্তু কেৱল ভৌগোলিক ব্যৱধানেই নহয়, আন এটা বাধাও আছিল — ভাষা। অষ্ট্ৰেলিয়াৰ মেথিউ হাৰ্বিজ আৰু কাজাখস্তানৰ মদিনাই ইজনে সিজনৰ ভাষা বুজি পোৱা নাছিল। গুগল অনুবাদক ব্যৱহাৰ কৰি কথোপকথন কৰিছিল। আৰু সেই বাধা অতিক্ৰম কৰাৰ পিছত দুয়ো শেষত বান্ধ খাই পৰিল বান্ধোনেৰে।


২০১৮ চনত মদিনা বন্ধু-বান্ধৱীৰ সৈতে অষ্ট্ৰেলিয়ালৈ গৈছিল। তাত মেথিউৰ লগত তেওঁৰ কথা-বতৰা হৈছিল। পিছত দুয়োৰে মাজত বন্ধুত্ব গঢ় লৈ উঠিল। মদিনা ঘৰলৈ উভতি অহাৰ পিছতো কথা চলি থাকিল। মাদিনাই ইংৰাজী নাজানিছিল, আৰু মেথিউৱে মদিনাৰ থলুৱা কাজাখ ভাষাটো বুজি পোৱা নাছিল। গতিকে গুগলৰ অনুবাদ প্ৰযুক্তি অবিহনে গতি নাছিল দুয়োৰ। কিন্তু সেইটোৱেই দুয়োৰে বন্ধুত্বক প্ৰেমত পৰিণত কৰালে। দুয়ো তিনি-চাৰি মাহৰ মূৰে মূৰে লগ কৰিব ধৰিলে।

Covid 19 ৰ সময়ত সমস্যা হয়, দীৰ্ঘদিনীয়া লকডাউনৰ অন্তত ২০২১ চনৰ মে’ মাহত মদিনাই অষ্ট্ৰেলিয়াৰ ভিছা লাভ কৰে। অষ্ট্ৰেলিয়াত উপস্থিত হোৱাৰ পিছত তেওঁ দুসপ্তাহ ধৰি আইছ’লেশ্যনত থাকিবলৈ বাধ্য হয়। ইয়াৰ পিছত তেওঁলোকে বিয়াৰ সিদ্ধান্ত লয়। অৱশেষত ২০২২ চনৰ জুন মাহত তেওঁলোকৰ বিবাহ হয়। মদিনাই সিদ্ধান্ত লৈছে যে এইবাৰ তেওঁ অষ্ট্ৰেলিয়াত স্থায়ীভাৱে থাকিব। কিন্তু এতিয়া গুগল অনুবাদকৰ ওপৰত নিৰ্ভৰ কৰিব নিবিচাৰে দুয়ো সেয়েহে লাহে লাহে সিহঁতে ইজনে সিজনৰ ভাষা শিকিবলৈ ধৰিছে।

Leave A Reply

Your email address will not be published.