Daily Time Axom

‘ভাৰত মোৰ বাবে সকলো’, কানাডাৰ নাগৰিকত্ব বিষয়ে মুকলিকৈ কি ক’লে অক্ষয় কুমাৰে

0 32

এই দেশখনেই তেওঁৰ বাবে সকলো। টেলিভিছনৰ এটা অনুষ্ঠানতঅক্ষয় কুমাৰে কৈছিল, “…যেতিয়া মানুহে গম নোপোৱাকৈ মোৰ বিষয়ে বেয়া কথা কয়, তেতিয়া মোৰ দুখ লাগে। ভাৰত মোৰ বাবে সকলো। মই যিমানখিনি অৰ্জন কৰিছো সেয়া ইয়াৰ পৰাই। যদি মই আকৌ আহিব পাৰো… সেই সুযোগ বিচাৰি।” অক্ষয়ৰ পৰিচয় পত্ৰত লিখা আছে তেওঁ কানাডাৰ নাগৰিক। সেয়েহে মানুহে গোপনে তেওঁক ‘কনাড়া কুমাৰ’ বুলি কয়, সেই সত্য অভিনেতাজনৰ অজ্ঞাত নহয়। যদিও অক্ষয়ে বিভিন্ন সময়ত বুজাবলৈ চেষ্টা কৰিছে, তথাপিও তেওঁ হৃদয়েৰে ভাৰতীয়।

২০১৯ চনত বিচলিত হৈ অক্ষয়ে অতি সোনকালে ভাৰতীয় পাছপ’ৰ্টৰ বাবে আবেদন কৰাৰ প্ৰতিশ্ৰুতি দিছিল। ৩ বছৰৰ পিছত ইতিবাচক খবৰ হিচাপে শীঘ্ৰেই ভাৰতীয় পাছপ’ৰ্ট লাভ কৰিবলৈ ওলাইছে অভিনেতাজনে।

কিন্তু অক্ষয়ক কিয় কানাডাৰ পাছপ’ৰ্টৰ প্ৰয়োজন হৈছিল? বহুতে সেই কথা নাজানে। অক্ষয়ে স্পষ্টভাৱে কয়, “১৯৯০ চনলৈকে মোৰ এখনো ছবি চলা নাছিল। ভাৰতত মই একো কৰিব পৰা নাছিলো। তাৰ পিছত কিছুমান বন্ধুৰ কথাত মোৰ সৌভাগ্য বিচাৰি উলিওৱাৰ উদ্দেশ্যে কানাডালৈ যোৱাৰ সিদ্ধান্ত লৈছিলো।”

Leave A Reply

Your email address will not be published.