নিউজ ডেস্ক, ২৪ ফেব্ৰুৱাৰীঃ ওদালগুৰিত আৰক্ষীৰ গুলীচালনা। ৰৌতাৰ দৈফাঙত আৰক্ষীৰ গুলীত নিহত ডকাইত। নিহত ডকাইতটোৰ নাম কেনাৰাম বড়ো। আনহাতে, ডকাইতৰ দলৰ আক্রমণত আহত হয় দুজনকৈ আৰক্ষী।
আৰক্ষীৰ সম্ভেদ পাই এটা ঘৰৰ পৰা পলায়ন কৰিব চেষ্টা কৰোতেই আৰক্ষীয়ে গুলীচালনা কৰে।ডকাইতজনৰ পৰা উদ্ধাৰ হৈছে এটা পিষ্টল।
ডকাইতৰ গুলীত আহত হোৱা উপ-পৰিদৰ্শক আৰু কনিষ্টবলজনক উন্নত চিকিৎসাৰ বাবে ওদালগুৰিলৈ প্ৰেৰণ কৰা হৈছে।
Comments are closed, but trackbacks and pingbacks are open.