ছত্তিশগড়ত মাউবাদীৰ আক্ৰমণ, আক্ৰমণত নিহত ৩ জোৱান, ৬ মাউবাদী

নিউজ ডেস্ক, ২৫ ফেব্ৰুৱাৰীঃ ছত্তীশগড়ৰ সুকমা জিলাত ডি আৰ জি জোৱান আৰু মাওবাদীৰ সংঘৰ্ষত তিনিজন জোৱান নিহত হয়।

জানিব পৰা মতে, শনিবাৰে পুৱা নিৰাপত্তাৰক্ষী আৰু মাওবাদীৰ মাজত হোৱা সংঘৰ্ষত তিনিজন ডি আৰ জি জোৱানৰ মৃত্যু হয়।আনহাতে, ৬ জন মাওবাদী নিহত হোৱৰ তথ্যও লাভ কৰা গৈছে।

সংবাদ সংস্থা এ এন আইয়ে জনোৱা অনুসৰি সংঘৰ্ষস্থলীত প্ৰায় ১০ জন নক্সালবাদী উপস্থিত আছিল।

সুকমাৰ জাগৰগুণ্ডা থানাৰ পৰা মাওবাদীৰ তালাচীৰ বাবে ৰাওনা হৈছিল ডি আৰ জি দলটো।

মাওবাদীৰ আক্ৰমণত শ্বহীদ হোৱা তিনিজন জোৱান হ’ল- ASI ৰামুৰাম নাগ (জাগৰগুণ্ডা), কনিষ্টবল কুঞ্জাম যোগা (মিতাগুড়া/জাগৰগুণ্ডা) আৰু বঞ্জাম ভীমা (মাৰ্কগড়/চিন্তালনাৰ)

Assamese NewsChhattisgarhDaily time axomDRGEncounterIndiaKilledNaxals