নিউজ ডেস্ক, ২৫ ফেব্ৰুৱাৰীঃ গুৱাহাটীৰ ডাবল মাৰ্ডাৰৰ ঘটনাৰ তদন্ত অ্যাহত ৰাখিছে মহানগৰ আৰক্ষীয়ে। আজি পুনৰ বন্দনা আৰু আন দুই অভিযুক্তক লগত লৈ আৰক্ষীয়ে ডাউকীলৈ ৰাওনা আৰক্ষীৰ দল । পুৱাই পাণবজাৰ মহিলা থানাৰ পৰা বন্দনা কলিতাক উলিয়াই নিয়া হৈছে। অমৰজ্যোতি দে’ৰ মৃতদেহৰ সন্ধানত মেঘালয়ত অভিযান চলাব আৰক্ষীয়ে।
শংকৰী দে’ৰ মুণ্ডহীন মৃতদেহ চেৰাপুঞ্জীৰ পৰা উদ্ধাৰ কৰাৰ পিছত অমৰজ্যোতিৰ মৃতদেহৰ কিছু অংশ ডাউকীৰ পৰা উদ্ধাৰ কৰিছিল আৰক্ষীয়ে। কিন্তু সম্পূৰ্ণ মৃতদেহ উদ্ধাৰ কৰিব পৰা নাছিল আৰক্ষীয়ে। সেয়েহে আজি পুনৰ তিনি অভিযুক্তক লগত লৈ আৰক্ষীয়ে অভিযান চলাব।
Comments are closed, but trackbacks and pingbacks are open.