নিউজ ডেস্ক, ২৬ ফেব্ৰুৱাৰীঃ জম্মু-কাশ্মীৰৰ পুলৱামাত নিৰাপত্তাৰক্ষীক উদ্দেশ্যি সন্ত্ৰাসবাদীৰ গুলীবৰ্ষণ। গুলীবৰ্ষণত নিহত সঞ্জয় শৰ্মা নামৰ নিৰাপত্তাৰক্ষীগৰাকী। দক্ষিণ কাশ্মীৰ জিলাত সংঘটিত হৈছে এই ঘটনা।
সন্ত্ৰাসবাদীৰ আক্ৰমণত প্ৰাণ হেৰুৱালে স্থানীয় এটি বেংকৰ নিৰাপত্তাৰক্ষী সঞ্জয় শৰ্মাই । সঞ্জয় শৰ্মাই বজাৰলৈ যোৱা অৱস্থাত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ বলি হয় । নিকটৱৰ্তী চৰকাৰী চিকিৎসালয়লৈ সঞ্জয় শৰ্মাক লৈ যোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে ।
Comments are closed, but trackbacks and pingbacks are open.