নিউজ ডেস্ক, ২৬ ফেব্ৰুৱাৰীঃ কলিয়াবৰৰ জখলাবন্ধাত পথ দুৰ্ঘটনা। যাত্ৰীবাহী নৈশ বাছত খুন্দা ট্ৰাকৰ। নিয়ন্ত্ৰণ হেৰুৱাই পথাৰত পৰিল বাছখন। থিতাতে নিহত বাছখনৰ এজন যাত্ৰী। দুৰ্ঘটনাত নিহত হয় দেৰগাঁৱৰ ভকতগাঁৱৰ জিণ্টু বৰা।
গুৱাহাটীৰ পৰা জাগুন অভিমুখী আছিল বাছখন। দুৰ্ঘটনাত বাছখনৰ কেইবাজনো যাত্রী আহত হয়। আহতসকলক কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।