নিউজ ডেস্ক, ২৬ ফেব্ৰুৱাৰীঃ বিত্তীয় খেলি-মেলি আৰু নীতি উলংঘা কৰাৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংকে দেশৰ পাঁচটাকৈ বেংকৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। বেংক কেইটাৰ পৰা ধন উলিওৱাকে ধৰি কেইবাটাও বিষয়ত নিষেধাজ্ঞা আৰোপ ৰিজাৰ্ভ বেংকৰ।
আৰ বি আইৰ তথ্য অনুসৰি এইচ চি বি এল সমবায় বেংক, লক্ষ্ণৌ (উত্তৰ প্ৰদেশ), আদৰ্শ মহিলা নগৰী সহকাৰী বেংক মৰিয়াদিত, ঔৰংগাবাদ (মহাৰাষ্ট্ৰ) আৰু শিমছা সহকাৰা বেংক নিয়মিতক, মাদ্দুৰ, মাণ্ডিয়া (কৰ্ণাটক) নিষিদ্ধ কৰা হৈছে।
অৱশ্যে উৰাভাকোণ্ডা সমবায় টাউন বেংক, উৰাভাকোণ্ডা (অনন্তপুৰ জিলা, অন্ধ্ৰপ্ৰদেশ) আৰু শংকৰৰাও মোহিতে পাটিল সহকাৰী বেংক, আকলুজ (মহাৰাষ্ট্ৰ)ৰ গ্ৰাহকে ৫,০০০ টকা পৰ্যন্তহে ধন উলিয়াব পাৰিব।
Comments are closed, but trackbacks and pingbacks are open.