আজি মেঘালয় আৰু নাগালেণ্ডত বিধানসভা নিৰ্বাচন

নিউজ ডেস্ক, ২৭ ফেব্ৰুৱাৰীঃ আজি নাগালেণ্ড আৰু মেঘালয়ৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ । পুৱা ৭ বজাৰ পৰা দুয়োখন ৰাজ্যত আৰম্ভ হৈছে ভোটগ্ৰহণ। দুয়োখন ৰাজ্যৰ ৫৯টাকৈ সমষ্টিত ভোটগ্ৰহণ আৰম্ভ চলি আছে। পুৱাৰে পৰা ভোটকেন্দ্ৰসমূহত দেখা গৈছে ভোটাৰৰ দীঘলীয়া শাৰী।

মেঘালয়ৰ ৬০টা সমষ্টিৰ ৫৯টা সমষ্টিত অনুষ্ঠিত ভোট গ্ৰহণ। মেঘালয়ত মুঠ প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী ৩৬৯জন। মেঘালয়ত মুঠ ভোটাৰৰ সংখ্যা প্ৰায় ২১,৭৫,২৩৬জন।

নাগালেণ্ডত ৫৯টা সমষ্টিৰ বিপৰীতে ১৮৩জন প্ৰাৰ্থী অৱতীৰ্ণ। ৰাজ্যখনত মুঠ ভোটাৰ প্ৰায় ১৩,১৭,৬৩২জন। মুঠ ২,৩১৫টা কেন্দ্ৰত ভোট গ্ৰহণ।

Assamese NewsAssembly ElectionDaily time axomIndiaMeghalayaNagalandNorth Eastpolitics