নিউজ ডেস্ক, ২৭ ফেব্ৰুৱাৰীঃ নাগালেণ্ডত বিধানসভা নিৰ্বাচনৰ মাজতে নিৰ্বাচনকেন্দ্ৰীক হিংসা। ৪০নং ভাণ্ডাৰী সমষ্টিৰ অল্ড আক’কত গুলীবৰ্ষণৰ ঘটনা। NPP আৰু NPFৰ মাজত সংঘৰ্ষ। NPFৰ সমৰ্থকে NPPৰ কৰ্মীক গুলীয়াই আহত কৰাৰ অভিযোগ।
আনহাতে, নাগালেণ্ডৰ আলাংটাকিত ভোটগ্ৰহণ কেন্দ্ৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। মোককচাঙৰ উমা বস্তিত ভোটদাতা ৰাইজলৈ শিলগুটি নিক্ষেপ। দুটা ফৈদৰ মাজত মাৰপিটৰ ঘটনা। এই অপ্ৰীতিকৰ ঘটনাৰ বাবে কেন্দ্ৰটোত ভোটদান সাময়িকভাৱে স্থগিত ৰখা হয়।
Comments are closed, but trackbacks and pingbacks are open.