Daily Time Axom

ডিঙিত এখন প্লেকাৰ্ড ওলমাই উত্তৰ প্ৰদেশৰ থানাত আত্মসমৰ্পণ অপৰাধীৰ

0 42

ডিঙিত ওলমাই লৈছে প্লেকাৰ্ড। তাত লিখা আছে, “মই ভৱিষ্যতে কোনো অপৰাধ নকৰো। পুলিচলৈ মোৰ ভয় লাগে। ক্ষমা কৰিব, মই আত্মসমৰ্পণ কৰিব আহিছো।”থানাত হাজিৰ হ’ল এজন অপৰাধী। ইয়াৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

আৰক্ষীৰ সূত্ৰ অনুসৰি দোষী সৌৰভ গিৰি। উত্তৰ প্ৰদেশৰ মীৰুটৰ পৰীক্ষিত গড়ত আতংকৰ সৃষ্টি হয়। সৌৰভৰ নামত কেইবাটাও গোচৰ চলি আছে। বহুদিন ধৰি আৰক্ষীয়ে এই অপৰাধীজনক বিচাৰি আছিল। কিন্তু মঙলবাৰে হঠাতে পৰীক্ষিতগড় থানাত হাজিৰ হয় সৌৰভ। ডিঙিত প্লেকাৰ্ড এখন ওলোমাই লয়।তেওঁ নিজৰ অপৰাধৰ বাবে ক্ষমা বিচাৰে। আৰক্ষীয়ে বিচৰা অপৰাধীজনক থানাৰ সন্মুখত হাজিৰ হোৱা দেখি আৰক্ষীয়ো স্তম্ভিত হৈ পৰে।

মীৰুটৰ আৰক্ষী অধীক্ষক দেহাত অনিৰুদ্ধ কুমাৰে কয়, “সৌৰভ গিৰি নামৰ এজন দুষ্কৃতিকাৰীয়ে ডিঙিত প্লেকাৰ্ড ওলোমাই থানাত আত্মসমৰ্পণ কৰে। তেওঁৰ নামত কেইবাটাও গোচৰ আছে। ”

আৰক্ষী অধীক্ষকে সৌৰভৰ পৰা এটা পিষ্টল আৰু কাৰ্টিজ উদ্ধাৰ কৰা বুলিও জানিবলৈ দিয়ে। ভাৰতীয় দণ্ডবিধিৰ কেইবাটাও ধাৰাত তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।

Leave A Reply

Your email address will not be published.