গ্ৰেপ্তাৰৰ ব্যৱধান প্ৰায় ৯ মাহ। কিন্তু দিল্লীৰ আম আদমী পাৰ্টি চৰকাৰৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়া আৰু স্বাস্থ্যমন্ত্ৰী সত্যেন্দ্ৰ জৈনে মঙলবাৰে একেলগে পদত্যাগ কৰে। প্ৰসংগক্ৰমে দুয়োজনেই আপৰ মূৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ‘ক্ল’জ’ বুলি জনা যায়।
মুখ্যমন্ত্ৰী কেজৰিৱালে মনীষ আৰু সত্যেন্দ্ৰৰ পদত্যাগ মানি লৈছে। শীঘ্ৰেই কেবিনেট সম্প্ৰসাৰণ হোৱাৰ সম্ভাৱনা।
প্ৰসংগক্ৰমে প্ৰায় ৯ ঘণ্টাৰ সোধা-পোছাৰ অন্তত চিবিআইয়ে যোৱা দেওবাৰে (২৬ ফেব্ৰুৱাৰী) আবকাৰী দুৰ্নীতিৰ গোচৰত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল। ইয়াৰ পূৰ্বে যোৱা বছৰৰ ৩০ মে’ত সত্যেন্দ্ৰক হাৱালাৰ জৰিয়তে অবৈধ ধন স্থানান্তৰ কৰাৰ অভিযোগত বলবৎকাৰী সঞ্চালকালয়ে গ্ৰেপ্তাৰ কৰে।
সত্যেন্দ্ৰক গ্ৰেপ্তাৰ কৰাৰ পিছতো কেজৰিৱাল তেওঁৰ কাষত থিয় হয়। তেওঁ দাবী কৰে যে নৰেন্দ্ৰ মোডী চৰকাৰৰ তদন্তকাৰী সংস্থাই তেওঁক ভুৱা গোচৰত ফ্ৰেমৱৰ্ক কৰিছিল।