নৱাজুদ্দিনৰ ভাতৃয়ে উদঙাই দিলে অভিনেতাগৰাকীৰ আচল ৰূপ

নৱাজুদ্দিনৰ ভাতৃয়ে উদঙাই দিলে অভিনেতাগৰাকীৰ আচল ৰূপ

নৱাজুদ্দিন ছিদ্দিকী নতুন বছৰৰ আৰম্ভণিৰ পৰাই বাতৰিৰ শিৰোনাম দখল কৰি আহিছে। অভিনেতাগৰাকীৰ পত্নীয়ে ঘৰুৱা হিংসাৰ অভিযোগ উত্থাপন কৰিছে।

নৱাজৰ বিৰুদ্ধে পত্নীয়ে কেইবাটাও অভিযোগ উত্থাপন কৰিছিল । তেওঁক মানসিক নিৰ্যাতন চলোৱাৰ লগতে আৰু ল’ৰা-ছোৱালীকেইটাক কাঢ়ি নিব বিচৰা বুলি অভিযোগ কৰে। সম্প্ৰতি আইনৰ সন্মুখীন হৈছে অভিনেতাগৰাকী আৰু তেওঁৰ পত্নী। দিনক দিনে তেওঁলোকৰ বৈবাহিক বিসংগতি বাঢ়িছে। ইয়াৰ মাজতে অভিনেতাজনৰ নিজৰ ভাতৃ ছামাছে নৱাজুদ্দিনক লৈ এক বিস্ফোৰক দাবী কৰিছে।

ভাতৃ হ’লেও শ্বামাছে আলিয়া ছিদ্দিকিৰ পক্ষ লৈছে। শ্বামাছে কয় যে বিয়াৰ আগতে তেওঁলোক বহুত ভাল বন্ধু আছিল। আলিয়াই বহু বিপৰ্যয় সহ্য কৰিছে। লগতে কয়,”মই বিশ্বাস কৰোঁ যে নৱাজ এজন অসাধাৰণ অভিনেতা। কিন্তু মানুহজনে যিকোনো মুহূৰ্ততে মানুহৰ সংগ এৰিব পাৰে। ঠিক যেনেকৈ তেওঁ পত্নী আৰু মোৰ লগত কৰিছিল।”

অভিনেতাজনৰ ভাতৃয়ে কয় যে নৱাজ নিজেই ডাঙৰ হৈছে যদিও আনক তেওঁৰ দৰে হ’বলৈ নিদিলে। ছামাছৰ মতে, “তেওঁও মোৰ লগত যোগাযোগ বন্ধ কৰি দিছে। জীৱনৰ বহু সময় তেওঁক দিলোঁ, বিনিময়ত একো নাপালোঁ। তাৰ বিপৰীতহে ঘটিল। মোৰ ছোৱালীজনীৰ লগতো তেওঁৰ সমস্যা আছে।”

তেওঁৰ পত্নী আলিয়াই অভিনেতাজনৰ বিৰুদ্ধে নিজৰ ভাতৃৰ দাবীকে ধৰি কেইবাটাও অভিযোগ উত্থাপন কৰিছে।

AssambollywoodDaily time axomGuwahatiIndiaInternational
Comments (0)
Add Comment