Daily Time Axom

মৃত্যুৰ পিছত বন্ধু-বান্ধৱীক পাৰ্টি কৰিবলৈ আহ্বান এগৰাকী বৃদ্ধাৰ !

0 35

কেন্সাৰ শব্দটো শুনি সকলোৱে স্তম্ভিত হৈ পৰে। কৰ্কট ৰোগ ধৰা পৰা ব্যক্তিয়ে জীৱনটো শেষ হোৱা যেন অনুভৱ কৰে। বিশেষকৈ কেন্সাৰৰ শেষ পৰ্যায় পালে বহু লোক হতাশ হৈ পৰে, বাকী থকা সময়খিনি তেওঁলোকে অনুশোচনাত ভোগে। ৭৬ বছৰীয়া লিণ্ডা উইলিয়ামছ নামৰ বৃদ্ধাগৰাকীয়ে কিন্তু তেনেকৈ নাভাবে। শ্ৰাদ্ধ নহয়, মৃত্যুৰ পিছত তেওঁ বন্ধু-বান্ধৱীক পাৰ্টি কৰিবলৈ এক অদ্ভুত কামনাৰ কথা প্ৰকাশ কৰে।তেওঁ লগতে কয়, মই বিচাৰো যে মোৰ মৃত্যুক উদযাপন কৰা হওক।’

কেইবছৰমান আগতে লিণ্ডাৰৰ কৰ্কট ৰোগ ধৰা পৰিছিল। তেওঁ পিছত গম পায় যে তেওঁ কেন্সাৰৰ শেষ পৰ্যায়ত উপনীত হৈছে। সেয়ে সিদ্ধান্ত লয় যে জীৱনৰ বাকী সময়খিনি ভাঙি নোযোৱাকৈয়ে সুখেৰে কটাব। তেতিয়াৰ পৰাই তেওঁ নিয়মীয়াকৈ পাৰ্টিৰ আয়োজন কৰে। কেন্সাৰ ৰোগ ধৰা পৰাৰ পিছত তেওঁ এখন তালিকা বনাই, যিখনত জীৱনত কি কৰিব বিচাৰে, যি এতিয়াও পূৰণ হোৱা নাই সেয়া লিখা আছিল।

পিছত,লিণ্ডাই সিদ্ধান্ত লয় যে তেওঁ চিকিৎসালয়ত একেবাৰেই নাথাকে। নাৰ্চিংৰ বাবে ঘৰত এগৰাকী নাৰ্ছ ৰাখে। নাৰ্ছগৰাকীকো সেই পাৰ্টিলৈ নিমন্ত্ৰণ কৰিছে। বাকী থকা সময়খিনি তেওঁ তেওঁক উদযাপন কৰি কটাব বিচাৰে।

Leave A Reply

Your email address will not be published.