নিউজ ডেস্ক, ২৮ ফেব্ৰুৱাৰীঃ বোকাখাটত ভয়ংকৰ পথ দুৰ্ঘটনা। একেখন বাহনেই দুটাকৈ স্থানত সংঘটিত কৰিলে দুৰ্ঘটনা।
জানিব পৰা মতে, এখন হুণ্ডাই কোম্পানীৰ চাৰি চকীয়া বাহনে বোকাখাতৰ লখৌজানত প্ৰথমে দুজন ব্যক্তিৰ খুন্দা মাৰে। তাৰ পৰা পলাই আহি লতাবাৰীত আন এটি কণমানিক খুন্দিয়াই।
ফলত থিতাতে মৃত্যু হয় আলিচা বেগম নামৰ ২ বছৰীয়া কণমানিটোৰ। লতাবাৰীত সংঘটিত কৰা দুৰ্ঘটনাত ২বছৰীয়া আলিচাৰ মৃত্যু হোৱাৰ বিপৰীতে আহত হয় আলিচাৰ মাতৃ তচলিমা বেগম ।
আনহাতে লখৌজানত সংঘটিত কৰা দুৰ্ঘটনাত ৩জনকৈ লোক আঘাতপ্ৰাপ্ত হয়। দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ নম্বৰ AS 01 BS 6888।