নিউজ ডেস্ক, ২৮ ফেব্ৰুৱাৰীঃ এতিয়াৰে পৰা মনে বিচৰা ধৰণে আপুনি প্ৰিয়জনৰ সৈতে চুমা খাই থাকিব পাৰিব। কিয়নো চীনৰ এখন বিশ্ব বিদ্যালয়ে এই ‘কিচিং মেচিন’ উদ্ভাৱন কৰিছে।
বহু দূৰৈত থকা দম্পতীয়ে প্ৰকৃত চুমা উপভোগ কৰিব পৰাকৈ এটা আচৰিত যন্ত্ৰ নিৰ্মাণ কৰিছে। যিয়ে প্ৰেমিক আৰু প্ৰেমিকৰ অন্তৰংগ মুহূৰ্তবোৰ তীব্ৰতৰ কৰি তুলিব পাৰে। স্পৰ্শ কৰা ওঁঠৰ উষ্ণতাও পূৰণ হ’ব।
এই ‘কিচিং ডিভাইচ’টো দেখাত ওঁঠৰ দৰে। ইয়াত ‘প্ৰেচাৰ চেন্সৰ’ আৰু ‘এক্টিভেটৰ’ আছে যিয়ে ব্যৱহাৰকাৰীক প্ৰকৃত ওঁঠৰ স্পৰ্শ দিব। আনকি বিজ্ঞানীসকলে দাবী কৰিছে যে গভীৰ চুমা খালে ওঁঠৰ যি উষ্ণতা, গতি বা চাপ অনুভৱ হয়, সেইখিনিও বিচাৰি পোৱা যায়।
এই নিৰ্দিষ্ট এপ্লিকেচনটোৰ বাবে ডাউনলোড কৰিব লাগিব। ইয়াৰ পিছত ডিভাইচটো ফোনটোৰ চাৰ্জিং পৰ্টত প্লাগ কৰক। এতিয়া যদি আপুনি ভিডিঅ’ কল কৰি ডিভাইচটোক মুখেৰে চুমা খায় তেন্তে প্ৰেমৰ উষ্ণতাই সিটো মূৰৰ প্ৰিয়জনৰ ওচৰ পাব।