নিউজ ডেস্ক, ২৮ ফেব্ৰুৱাৰীঃ একেদিনাই একেটা কাৰ্যালয়ৰ পৰা ঘোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ দুজনকৈ চৰকাৰী কৰ্মচাৰী। গোৱালপাৰাৰ ঔষধ পৰিদৰ্শকৰ কাৰ্যালয়ত চি এম ভিজিলেন্স দল। ভিজিলেন্সৰ অভিযানত দুগৰাকী কৰ্মচাৰীক গ্ৰেপ্তাৰ। ফাৰ্মাচী লাইচেন্সৰ বাবে দাবী কৰিছিল ১৯ হেজাৰ টকা।
মহিবুল ইছলাম নামৰ ফাৰ্মাচিষ্ট এগৰাকীক কৰিছিল ধন দাবী। দহ হেজাৰ টকা ঘোচ লওঁতেই অভিযানকাৰী দলে হাতে-লোটে ধৰিলে দুই কৰ্মচাৰীক।
গ্ৰেপ্তাৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী দিপজিৎ সৰকাৰ আৰু তৃতীয় বৰ্গৰ কৰ্মচাৰী আনচাৰ আলী । আনহাতে, দুয়োৱে পূৰ্বতে আদায় লৈছিল চাৰি হেজাৰ টকা।