বিজনীত শিক্ষামন্ত্ৰী ৰণোজ পেগু, নৰ্থ ইষ্ট মিলিটাৰী স্কুল পৰিদৰ্শন

চিৰাং জিলাৰ বিজনীস্থিত নৰ্থ ইষ্ট মিলিটাৰী স্কুল পৰিদৰ্শন কৰাৰ বাবে বিদ্যালয়খনত উপস্থিত হয় অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু।

অসমৰ ১০৭ সাতখন বিদ্যালয়ৰ স্বীকৃতি বাতিল সন্দৰ্ভত সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য প্ৰকাশ কৰি কয় যে এয়া চৰকাৰৰ সিদ্ধান্ত নহয়, এয়া ছেৱাৰ সিদ্ধান্ত। বিদ্যালয়সমূহে বেয়া ফলাফল প্ৰদৰ্শন কৰাৰ বাবে ছেবাই এই সিদ্ধান্ত লৈছে।

এইক্ষেত্ৰত বিদ্যালয় সমূহে যিহেতু ধাৰাবাহিকভাবে বেয়া প্ৰদৰ্শন কৰি আহিছে গতিকে এনে বিদ্যালয় থকাতকৈ নথকাই ভাল বুলি মন্তব্য কৰে। আনহাতে প্ৰতিৰক্ষা মন্ত্ৰালয়ে ১০০ খন সৈনিক বিদ্যালয় স্থাপন কৰাৰ সিদ্ধান্ত লোৱা বুলি জানিব দিয়ে।

বিজনীত থকা নৰ্থ ইষ্ট মিলিটাৰী স্কুলখন যিহেতু ব্যক্তিগত খণ্ডত গঢ় লৈ উঠা এটা ছচাইটিৰ বিদ্যালয়।বিদ্যালয়খনে কেইবাটাও উৎসৰ পৰা অনুদান পাবলৈ সক্ষম হৈছে আৰু বৰ্তমান ভাল দৰেই চলি আছে বুলি মন্তব্য কৰে।মন্ত্ৰীৰ পৰিদৰ্শন কালত বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়, জিলা উপায়ুক্ত পি বিজয় ভাস্কৰ ৰেড্ডী, আৰক্ষী অধিক্ষক প্ৰাণজিৎ বৰা, বিজনীৰ মহকুমাধিপতি অভিশেষ জৈনসহ কেবাগৰাকীও বিষয়া উপস্থিত থাকে।

AssamDaily time axomGuwahatiIndiaInternationalNew Delhi
Comments (0)
Add Comment