ৰাজধানী দিল্লীত অদ্ভুত বতৰ…কি হৈছে

যোৱা কেইদিনমানৰ পৰা তাপমাত্ৰা বৃদ্ধি পাইছে দিল্লীত। ইয়াৰ মাজতে বুধবাৰে পুৱাৰে পৰা আকাশখন ডাৱৰীয়া হৈ পৰিছে। কিছু অঞ্চলত বজ্ৰপাতৰ সৈতে পাতল বৰষুণো আৰম্ভ হৈছে।

কিছু ঘণ্টাৰ পাছত দিল্লী আৰু দাঁতিকাষৰীয়া অঞ্চলত বৰষুণৰ পৰিমাণ বৃদ্ধি পাব বুলি জানিব পৰা গৈছে ৷ কিছুমান অঞ্চলত ধুমুহা বতাহৰ সৈতে বৰষুণ আৰু ধুমুহা বৰষুণৰ পূৰ্বাভাস দিয়া হৈছে। আগন্তুক ৭ দিন দিল্লী, নয়ডা আৰু গাজিয়াবাদৰ আকাশ ডাৱৰীয়া থাকিব। আজি দিল্লীৰ সৰ্বোচ্চ তাপমাত্ৰা ২৫ ডিগ্ৰী চেলছিয়াছ, সৰ্বনিম্ন ১২ ডিগ্ৰী চেলছিয়াছ।

পশ্চিম ঘূৰ্ণীবতাহৰ ফলত জম্মু-কাশ্মীৰ, লাডাখ, হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডত বৰষুণৰ হয়। পশ্চিমীয়া ঘূৰ্ণীবতাহৰ প্ৰভাৱত পঞ্জাৱ, হাৰিয়ানা, চণ্ডীগড়ৰ ওপৰত ধুমুহাৰ সম্ভাৱনা আছে।

AssamDaily time axomIndiaInternational
Comments (0)
Add Comment