চি আৰ পি এফ ৰ ১১৯ বেটেলিয়ানৰ উদ্যোগত আজিৰ পৰা আঠদিনীয়া কাৰ্যসূচীৰে যোৰহাট জিলাৰ পূব প্ৰাপ্তৰ টীয়কৰ ৰজাবাৰী খেলপথাৰত জিলা ভিত্তিক এখনি ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে।
চি আৰ পি এফ ১১৯ বেটেলিয়ানৰ কামাণ্ডেন্ট বিকাশ কুমাৰ সিংহাই উক্ত প্ৰতিযোগিতাখনিৰ আজি শুভ উদ্বোধনী কৰে।উক্ত উদ্বোধনী অনুষ্ঠানত চি আৰ পি এফৰ ১১৯ বেটেলিয়ানৰ ডেপুটি কামাণ্ডেন্ট ইকবাল আহমেদ,বিন্নমা জোচেফ,কোম্পানীৰ ইনপেক্টৰ ম: মিৰ হুছেইন চহৰীয়া,টীয়ক আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অজিত তেৰাং,বিশিষ্ট শিক্ষাবিদ বিভূতি ভূষণ বৰাকে প্ৰমুখ্য কৰি কেইবাগৰাকীও জ্যেষ্ঠ বিষয়া,স্থানীয় ব্যক্তি উপস্থিত থাকি সহযোগিতা আগবঢ়ায়।
ইপিনে ১১৯ বেটেলিয়ানৰ এছিছটেণ্ট কামাণ্ডেন্ট বৰ্ষা সিঙে আতধৰা এই অনুষ্ঠানত বিশিষ্ট ব্যক্তিসকলক বিশেষ সম্বৰ্ধনা জনোৱাৰ লগতে এক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰে উদ্যোগক্তাসকলে।উল্লেখযোগ্য যে সাধাৰণ জনসাধাৰণৰ লগত অসামৰিক বাহিনীৰ সম্বন্ধ সুলভ কৰাৰ, যিকোনো সমস্যা সন্মুখীন হোৱা সাধাৰণ জনতাই যাতে বিনাদ্বিধাই অসামৰিক বাহিনী কাষ চাপিব পাৰে তথা গ্ৰাম্যঞ্চলৰ ক্ৰীড়াৰ প্ৰতিভাসমূহ উলিয়াই অনাৰ স্বাৰ্থতে এইদৰে অসমৰ বিভিন্ন প্ৰান্তত চি আৰ পি এফৰ উদ্যোগত ফুটবল,ক্ৰিকেটকে ধৰি ক্ৰীড়া প্ৰতিভাসমূহ আয়োজন কৰিছে বুলি মন্তব্য কৰিছে উদ্যোক্তাসকলে।ইপিনে এই প্ৰতিযোগিতাত জিলাখনৰ বিভিন্ন প্ৰান্তৰ ইতিমধ্য প্ৰায় ৩৬ টাকৈ দলে অংশগ্ৰহণ সুনিশ্চিত কৰিছে বুলি জানিব পৰা গৈছে।