Daily Time Axom

মাৰ্ঘেৰিটা পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ বৰ্ষযোৰা কাৰ্যসূচী শুভাৰম্ভ

0 52

মাৰ্ঘেৰিটা পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী বৰ্ষযোৰা অনুষ্ঠানৰ আজি শুভাৰম্ভ কৰা হয়। দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা মহাৰজত জয়ন্তীৰ শুভাৰম্ভ অনুষ্ঠানৰ প্ৰথম কাৰ্যসূচী হিচাপে পতাকা উত্তোলন, নৱ নিৰ্মিত শ্বহীদ বেদী উন্মোচনৰ লগতে এখনি মুকলি সভা অনুষ্ঠিত কৰা হয়।

সভাত প্ৰাক্তন অধ্যক্ষ বৰুণ বড়া, বিদ্যালয়ৰ অধক্ষ্যা গায়ত্ৰী চৌধুৰীসহ বিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্রীৰ, ছাত্ৰ-ছাত্ৰীৰ লগতে বহু সংখ্যক প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ উপস্থিত থাকে।প্ৰাক্তন অধ্যক্ষ বৰুণ বড়া দেৱৰ আজি উপজা দিন হোৱা হেতুকে কেক কাটি জন্মদিন উদযাপন কৰা হয়। অহা ডিচেম্বৰ মাহত পাঁচ বা চাৰি দিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া মহাৰজত জয়ন্তীৰ মূল কাৰ্যসূচীসমূহ আৰম্ভ হব বুলি বিদ্যালয়ৰ তৰফৰ পৰা অৱগত কৰে।

Leave A Reply

Your email address will not be published.