Daily Time Axom

মৰাণৰ এদল নাট্যকৰ্মীৰ ব্যতিক্ৰমী পদক্ষেপ

0 40

ধনেখনা জানৰ পাৰত, চোম গছৰ তলত “ধনেখনা নাট উৎসৱ”

ডিব্ৰুগড় জিলাৰ মৰাণৰ এটি ভিতৰুৱা অঞ্চল ধেমেচীত ডিমৌ কিনাৰ যুৱক সংঘৰ উদ্যোগত আৰু কেইবাখনো গাঁৱৰ ৰাইজৰ সহযোগত প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছে “ধনেখনা নাট উৎসৱ- ২০২৩” ৷

যোৱা ২৬ ফেব্ৰুৱাৰীৰ পৰা তিনিদিনীয়াকৈ আয়োজন কৰা এই নাট উৎসৱে স্বাভাৱিকতে দৃষ্টি আকৰ্ষণ কৰিছে নাট্যপ্ৰেমীসকলৰ ৷ ধেমেচীৰ ধনেখনা জানৰ পাৰত অৱস্থিত লাকলৌ চোমনিত চোম গছৰ তলত স্থাপন কৰা মঞ্চত অনুষ্ঠিত হৈছে এই নাট উৎসৱ ৷ এই মঞ্চতে প্ৰথম দুটা দিনত মঞ্চস্থ হৈছে ‘ৰূপালীম’, ‘গাধকথা’ আৰু ‘জৰৌৰৌৱা পৰজা’ ৷

আজি সামৰণি পৰিবলগীয়া নাট উৎসৱত মঞ্চস্থ হ’ব ‘ৰূপালীম’ আৰু “ছন্দিত গদ্যত এপিয়লা মদ্য, অথবা পদ্য অথবা নৈবেদ্য” ৷ ধেমেচী অঞ্চলৰ নাট্যকৰ্মী, মৰাণ মহিলা মহাবিদ্যালয়ৰ প্ৰৱক্তা, কবি, লেখক ড° নিৰোদ গোহাঁই আৰু নাট্যকৰ্মী ভৈৰৱ ফুকনৰ পৰিকল্পনাৰে মৰাণৰ এই ভিতৰুৱা অঞ্চলত প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছে এই ব্যতিক্ৰমী নাট উৎসৱ ৷

ধেমেচীৰ ডিমৌকিনাৰ যুৱক সংঘ, কলালোৰ অৰুনোদয় সংঘকে ধৰি গ্ৰাম্য অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আৰু ৰাইজে এই নাট উৎসৱখনি সফল কৰাৰ বাবে আহোপুৰুষাৰ্থ কৰিছে ৷ গ্ৰাম্য পৰিবেশত, মুকলি আকাশৰ তলত নাট উপভোগ কৰি সুকীয়া মাদকতা লাভ কৰিবলৈ সক্ষম হৈছে নাট্যপ্ৰেমী ৷ গ্ৰামাঞ্চলত নৱ প্ৰজন্মৰ মাজত নাট্যচিন্তাৰ এক পৰিবেশ সৃষ্টিৰ বাবে আৰু এনেদৰেও যে নাট মঞ্চস্থ কৰিব পাৰি সেয়া ৰাইজক হাতে-কামে কৰি দেখুৱাবৰ বাবেই এনে প্ৰচেষ্টা হাতত লোৱা বুলি জানিবলৈ দিছে ড° নিৰোদ গোহাঁইয়ে ৷

Leave A Reply

Your email address will not be published.