উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ৰসায়ন বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিলৰ বাতৰি ভুৱাঃ স্পষ্ট কৰিলে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে

নিউজ ডেস্ক, ১ মাৰ্চঃ ফাদিল হোৱা নাই উচ্চতৰ মাধ্যমিকৰ ৰসায়ন বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকত। এয়া সম্পূৰ্ণ মিছা আৰু এনেধৰণৰ ভুৱা প্ৰচাৰক গুৰুত্ব নিদিবলৈ টুইটযোগে আহ্বান শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ।

উল্লেখ্য যে, উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ গুৰুতৰ অভিযোগ কৰিছিল এজন ছাত্ৰই। অভিযোগ অনুসৰি পৰীক্ষাৰ এদিন পূৰ্বেই হোৱাটছএপৰ জৰিয়তে প্ৰচাৰ হৈছিল বিজ্ঞান শাখাৰ ৰাসায়ন বিজ্ঞানৰ প্ৰশ্নকাকত।

পৰীক্ষা শেষ হোৱাৰ পাছতেই এই অভিযোগ আনে ছাত্ৰ গৰাকীয়ে। অভিযোগ অনুসৰি ছপা প্ৰশ্নকাকতৰ হাতে লিখা প্ৰতিলিপি ফাদিল হৈছিল এদিন পূৰ্বে। যোৰহাটৰ এগৰাকী ছাত্ৰই প্ৰেৰণ কৰিছিল হাতে লিখা প্ৰশ্ন কাকত খন।

AssamAssamese NewsDaily time axomGuwahatiIndiaPaper LeakRanoj Pegu