Daily Time Axom

ৰহা টোলগেটত ভয়ংকৰ ঘটনা, এটা পৰিয়ালক ভয়ংকৰ আক্ৰমণ টোলগেটৰ কৰ্মচাৰীৰ

42

নিউজ ডেস্ক, ১ মাৰ্চঃ ৰহা টোল গেটত দৌৰাই দৌৰাই প্ৰহাৰ কৰা হ’ল তিনিজনকৈ লোকক ৷ টোল টেক্স আদায় দিয়াৰ বিনিময়ত ৰচিদ বিচৰাৰ বাবে তিনিজনকৈ লোকক ঘুচিয়াই তেজ বাহিৰ কৰে ৷ ২২০ টকাৰ টোল টেক্সৰ বিপৰীতে কৰ্তব্যৰত কৰ্মচাৰীয়ে ৰিচিপ দিবলৈ অস্বীকাৰ কৰি যাত্ৰীক শাৰিৰীকভাৱে এনেদৰে প্ৰহাৰ কৰে যে প্ৰাণৰ ভয়ত তিনিজন লোকে গাড়ী এৰি পলায়ন কৰিব লগা হয় ৷

টোল গেটৰ কৰ্মচাৰীৰ আক্ৰমণত আহত হোৱা লোককেইজন নগাঁও জিলাৰ নীলবাগাৰ মোবাৰকবস্তিৰ মৌলানা ফাৰুক আহমেদ, মোস্তাফা আহমেদ, ৰায়হান আহমেদ ৷ নতুন গাড়ী লৈ গুৱাহাটীৰ পৰা নীলবাগানলৈ আহি থকা অৱস্থাত উক্ত ঘটনা সংঘটিত হয় ৷ তিনিওজন লোক বৰ্তমান চিকিৎসাধীন হৈ আছে ৷

Comments are closed, but trackbacks and pingbacks are open.