নিউজ ডেস্ক, ১ মাৰ্চঃ পুনৰ বৃদ্ধি পালে LPG চিলিণ্ডাৰৰ দাম। পুনৰ ৫০ টকাকৈ বৃদ্ধি পালে ঘৰুৱা ৰন্ধন গেছৰ মূল্য। ইফালে বাণিজ্যিক চিলিণ্ডাৰৰ দাম বাঢ়িল ৩৫০.৫০ টকাকৈ।
১৪.২ কিলোগ্ৰামৰ ঘৰুৱা চিলিণ্ডাৰৰ দাম ৫০ টকাকৈ বৃদ্ধি। দিল্লীত আজিৰে পৰা প্ৰতিটো ৰন্ধন গেছৰ ঘৰুৱা চিলিণ্ডাৰৰ দাম হ’ব ১১০৩ টকা।
আনহাতে, ১৯ কিলোগ্ৰামৰ বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য বৃদ্ধি কৰা হৈছে ৩৫০.৫০ টকাকৈ। দিল্লীত এতিয়াৰে পৰা প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হ’ব ২১১৯.৫০ টকা।
আজিৰে পৰা গুৱাহাটীত প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰৰ মূল্য হ’ব ১১৫২ টকা আৰু প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ দাম হ’ব ২৩৬০ টকা। আজিৰে পৰা কাৰ্যকৰী হ’ব ৰন্ধন গেছৰ চিলিণ্ডাৰৰ এই নতুন নিৰিখ।
Comments are closed, but trackbacks and pingbacks are open.