শিৱসাগৰত ব্যাপক প্ৰতিক্ৰিয়া ,জুবিনে গীত পৰিৱেশন নকৰাকৈ মঞ্চ ত্যাগক লৈ উত্তপ্ত পৰিস্থিতি

নিউজ ডেস্ক, ১ মাৰ্চঃ শিৱসাগৰত জুবিনৰ সংগীতানুষ্ঠানত উত্তপ্ত পৰিস্থিতি। অনুষ্ঠানত উপস্থিত হৈ এটাও গীত পৰিৱেশন নকৰাকৈ মঞ্চৰ পৰা নামি আহিল জুবিন গাৰ্গ। নিশা শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত আছিল জুবিনৰ সংগীতানুষ্ঠান। কিন্তু মঞ্চত গান গাবলৈ উঠাৰ পিছতে এটাও গীত পৰিৱেশন নকৰাকৈ মঞ্চৰ পৰা নামি আহিল জুবিন।

মঞ্চত উঠি ক’লে ‘কেতিয়াবা গান গাবলৈ মন যায়, কেতিয়াবা নাযায়’ ‘আজি মোৰ গান গাবলৈ মন নাই’ এনেদৰে কৈ মঞ্চৰ পৰা নামি আহিল জুবিন। ইয়াৰ পিছতে অনুষ্ঠান উপভোগ কৰিবলৈ অহা দৰ্শকৰ মাজত লাগিল হুৱাদুৱা।

বিধায়ক অখিল গগৈৰ উদ্যোগত অনুষ্ঠিত প্ৰতিভা সন্ধানী প্ৰতিযোগিতাৰ সামৰণি অনুষ্ঠানৰ সাংস্কৃতিক সন্ধিয়ালৈ আমন্ত্ৰণ জনোৱা হৈছিল জুবিন গাৰ্গক। জুবিনৰ বাবে ৰৈ আছিল হাজাৰ হাজাৰ দৰ্শক।

AssamAssamese NewsDaily time axomIndiaSivasagarZubeen Garg