মুকেশ আম্বানীক Z+ নিৰাপত্তা দিয়াৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

নিউজ ডেস্ক, ১ মাৰ্চঃ উচ্চতম ন্যায়ালয়ে মুকেশ আম্বানী আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলক দেশৰ উচ্চতম Z+ সুৰক্ষা প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে। দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে সমগ্ৰ ভাৰত আৰু বিদেশত উদ্যোগপতি মুকেশ আম্বানী আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলক সৰ্বোচ্চ পৰ্যায়ৰ জেড-প্লাছ নিৰাপত্তা প্ৰদান কৰিবলৈ নিৰ্দেশ দিছে।

শীৰ্ষ ন্যায়ালয়ে কয় যে, ভাৰত বা বিদেশত আম্বানী পৰিয়ালৰ লোকসকলক Z+ সুৰক্ষা আৱৰণ প্ৰদান কৰাৰ সমগ্ৰ ব্যয় তেওঁলোকে নিজে বহন কৰিব।

Assamese NewsDaily time axomIndiaMukesh AmbaniMumbaiSupreme CourtZ+ Security