Daily Time Axom

দুখন ৰে’লৰ প্ৰচণ্ড সংঘৰ্ষ! থিতাতে নিহত ৩২ জন আহত প্ৰায় ৮৫ জন লোক

31

নিউজ ডেস্ক, ১ মাৰ্চঃ গ্ৰীচত দুখন ৰে’লৰ মাজত মুখামুখি সংঘৰ্ষ। এই দুৰ্ঘটনাত কমেও ৩২ জন লোক নিহত হোৱাৰ লগতে ৮৫ জনৰো অধিক লোক আহত হয়। আঘাতপ্ৰাপ্ত লোকসকলক চিকিৎসাৰ বাবে নিকটতম চিকিৎসালয়লৈ লৈ যোৱা হৈছে।

দুৰ্ঘটনাটোৰ পিছত ৰে’ল ট্ৰেকৰ কাষত ৰে’লৰ কম্পাৰ্টমেণ্টবোৰ পৰি থকা দেখিবলৈ পোৱা গৈছিল।

গ্ৰীচৰ থিচলি অঞ্চলৰ গভৰ্ণৰে জনোৱা মতে, এখন যাত্ৰীবাহী ৰে’ল এথেন্সৰ পৰা উত্তৰৰ থেছালোনিকি চহৰলৈ যাত্ৰা কৰি আছিল। আনহাতে, আন এখন মালবাহী ৰে’ল থেছালোনিকিৰ পৰা লাৰিছালৈ আহি আছিল। এই দুখন ৰে’লৰ লাৰিছা চহৰ পোৱাৰ পূৰ্বে মুখামুখি সংঘৰ্ষ হৈছিল।

এগোৰাষ্টোছে জনোৱা অনুসৰি, ৰে’লখনত প্ৰায় ৩৫০ জন লোক আছিল। ইয়াৰ ভিতৰত, ২৫০ জন যাত্ৰীক ৰে’লখনৰ পৰা সুৰক্ষিতভাৱে উদ্ধাৰ কৰি বাছত থেছালোনিকি চহৰলৈ প্ৰেৰণ কৰা হয়।

Comments are closed, but trackbacks and pingbacks are open.