তেওঁ বিতৰ্কৰ ৰাণী।
ৰাখী সাৱন্তৰ জীৱনটো এখন ছবিৰ দৰে! সেয়ে ভাতৃ ৰাকেশ সাৱন্তে দিদিৰ সৈতে এখন ছবি নিৰ্মাণ কৰিবলৈ ওলাইছে। লগতে ছবিখনৰ প্ৰথমখন পোষ্টাৰ মুকলি কৰিছে। ছবিখনৰ নাম ‘ৰাউডি ৰাখী’। ছবিখনত ৰাখীক আৰক্ষী বিষয়াৰ সাজ-পোছাক পৰিধান কৰা দেখা গৈছে। ঠিক ছলমান খানৰ ‘ডাবাংগ’ৰ দৰেই!
ৰাকেশৰ ভাষাত “মোৰ বায়ে নিজৰ জীৱনৰ বাবে যুঁজি আছে।” তেওঁৰ স্বভাৱৰ লগত ‘ৰাউডী’ উপাধিটো উপযুক্ত। সেয়েহে ছবিখনৰ নাম দিয়া হৈছে এইটো।” এই প্ৰসংগত তেওঁ ৰাখীৰ বৰ্তমানৰ সংগ্ৰামৰ কথাও আঙুলিয়াই দিয়ে।
জীৱনত সংগ্ৰাম কৰা যিকোনো ছোৱালীয়ে আদিল খান দুৰানীৰ দৰে পুৰুষৰ মুখামুখি হ’ব পাৰে। ৰাখীয়ে বাট দেখুৱাইছে তেওঁলোকক ।
যোৱা বছৰ ৰাখীয়ে গোপনে আদিলক বিয়া কৰাইছিল। নাম সলনি কৰিলে, ধৰ্মও। কিন্তু সাত মাহৰ পাছত আদিলে বিয়াখন ৰাজহুৱা কৰিবলৈ অমান্তি হৈ পৰে। প্ৰথমতে তেওঁ এই বিবাহক অস্বীকাৰ কৰিছিল। তাৰ পিছত ছলমান খানৰ হেঁচাত স্বীকাৰোক্তি দিয়ে। ইয়াৰ পিছত ৰাখীয়ে কয় যে আদিলে আড়ম্বৰত লিপ্ত হৈ বহুত মিছা কথা কয়। পিছত ৰাখীৰ অভিযোগৰ ভিত্তিত প্ৰশাসনে আদিলক গ্ৰেপ্তাৰ কৰে।