সাংবাদিক বিকাশ শৰ্মা লৈ সাহিত্য – সংস্কৃতিৰ বঁটা

” অসমীয়া প্ৰতিদিন” ৰ গোলাঘাটৰ সাংবাদিক তথা শিশু সাহিত্যিক বিকাশ শৰ্মা লৈ ২০২৩ বৰ্ষৰ “সাহিত্য সংস্কৃতিৰ জীৱন জোৰা সাধনা বঁটা আগবঢ়োৱা হৈছে।

আজি এক প্ৰেছ বিজ্ঞপ্তি যোগে এই কথা প্ৰকাশ কৰি ‘ সাহিত্য সংস্কৃতি বিকাশ মঞ্চ” ৰ সভাপতি অমল কোৱঁৰে কয় যে সাহিত্য সংস্কৃতিৰ জগত খনলৈ অৱদান আগবঢ়াই যোৱা এগৰাকী কৈ ব্যক্তিক মঞ্চই প্ৰতি বছৰে এনেদৰে সন্মান প্ৰদান কৰাৰ লগতে তেওঁৰ জীৱনজোৰা সাধনাক নৱপ্ৰজন্মৰ মাজত জনপ্ৰিয় কৰি তোলাৰ চেষ্টা চলোৱা হ’ব।

প্ৰেছ বিজ্ঞপ্তিটোত আৰু কোৱা হয় যে অহা ১২ মাৰ্চত গোলাঘাট জিলা গ্ৰাম্য অভিকৰনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হবলগীয়া এক গাৰ্ম্ভীয পূৰ্ণ অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হ’ব। আনুষ্ঠানিক ভাৱে এই বঁটা প্ৰদান কৰিব মাজুলীৰ দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ জৰ্নাদন দেৱ গোস্বামীয়ে। অনুষ্ঠানটো উদ্বোধন কৰিব নাগালেণ্ড গ্লৱেল বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হেমেন্দ্ৰ নাথ দত্তই।উল্লেখ্য যে বঁটা বিজয়ী শৰ্মাই ইতিমধ্যে অনুসন্ধান মূলক সাংবাদিকতাৰ বাবে “The Sentinal” , বঁটাকে ধৰি বহু বঁটাৰে সন্মানিত হৈছে।

ইয়াৰ উপৰিও বিকাশ শৰ্মাই শিশু সাহিত্যৰ সাধনাৰে অসমীয়া সাহিত্য জগতলৈ অৱদান আগবঢ়াই আহিছে। তেওঁৰ “নামবৰত ৰাজু নিতু আৰু চন্দ্ৰ ” আৰু “এখন যুদ্ধ হৈছিল” নামৰ শিশু উপন্যাস দুখনে ইতিমধ্যে সাহিত্য সভাৰ প্ৰথম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ উপৰি তেওঁ “পাপচক্ৰ” আৰু “ফিড্ৰেল কাষ্ট্ৰ”নামৰ দুখন গ্ৰন্থও ৰচনা কৰাৰ লগতে কাকত আলোচনীত আদিত গল্প আৰু প্ৰৱন্ধৰে সাহিত্য সাধনাত ব্ৰতী হৈ আছ।

Daily time axomGuwahatiIndiaInternationalNew DelhipoliticsWorld
Comments (0)
Add Comment