হৃদৰোগত আক্ৰান্ত সুস্মিতা সেন! এতিয়া কেনে আছে ?

হৃদৰোগত আক্ৰান্ত সুস্মিতা সেন!

এই ঘটনা কিছুদিন আগতে সংঘটিত হৈছিল। প্ৰাক্তন মিছ ৱৰ্ল্ডৰ এঞ্জিওপ্লাষ্টি কৰা হৈছিল। তেওঁৰ হৃদপিণ্ডত ষ্টেণ্ট এটা লগাই দিয়া হয়। এতিয়া তেওঁ ভালেই আছে। বৃহস্পতিবাৰে অভিনেত্ৰীগৰাকীয়ে নিজেই ইনষ্টাগ্ৰামত এই কথা প্ৰকাশ কৰে। তেওঁ বহু মধুৰ স্মৃতিও শ্বেয়াৰ কৰে।

শৰীৰৰ কথা কৈ থাকোঁতে তেওঁৰ মনত পৰিল পিতৃ সুবীৰ সেনৰ স্মৃতি। সেই কথা তেওঁ নিজৰ অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰিছে।

তেওঁ পোষ্টটোত লিখিছে, ‘দেউতাই শৈশৱত কৈছিল, তোমাৰ হৃদয়ৰ যত্ন লোৱা। সদায় উল্লাসিত আৰু সাহসী হোৱা। তেতিয়াহে তোমাৰ হৃদয়খনে তোমাক প্ৰয়োজনৰ সময়ত চম্ভালিব মৌ।’ সুষমিতাই বুজিব পৰা নাছিল যে দেউতাকৰ কথাবোৰ এনেদৰে আখৰ আখৰেৰে মিলিব। হাৰ্ট এটেক হোৱাৰ পিছতহে তেওঁ বুজি পাইছে।

bollywoodDaily time axomGuwahatiInternational
Comments (0)
Add Comment