Daily Time Axom

তিনিওখন ৰাজ্যতে হ’ব এন ডি এ চৰকাৰ

0 37

তিনিওখন ৰাজ্যতে হ’ব এন ডি এ চৰকাৰ

ত্ৰিপুৰা, মেঘালয় আৰু নাগালেণ্ডত পুনৰ শাসন চলাব এন ডি এয়ে।

কিন্তু প্ৰথমবাৰৰ বাবে মেঘালয়ত বিজেপিক পৰাস্ত কৰিছে তৃণমূলে। ৫৯খন আসনৰ ভিতৰত তৃণমূল ৫খন আৰু বিজেপিয়ে ৩খন আসনত আগবাঢ়ি আছে। ২৫খন আসনত আগবাঢ়ি আছে এন পি পি। ত্ৰিপুৰাৰ শেহতীয়া খবৰ অনুসৰি কেৱল বিজেপিয়ে ৬০খন আসনৰ ভিতৰত ৩২খন আসন লাভ কৰিছে। তেওঁলোকৰ মিত্ৰজোঁটৰ অংশীদাৰ আইপিএফটিয়েও ১খন আসন লাভ কৰে। আনহাতে কংগ্ৰেছে ৩ খন আসন আৰু বাওঁপন্থীয়ে ১১ খন আসন লাভ কৰে। অৱশ্যে ত্ৰিপুৰা ৰাজবাৰীৰ উত্তৰাধিকাৰী প্ৰদ্যোৎকিশোৰ দেৱবৰ্মনৰ টিপ্ৰা মাথাই ১৩খন আসন লাভ কৰি মূল বিৰোধী দল হিচাপে স্বীকৃতি লাভ কৰিবলৈ গৈ আছে। মুখ্যমন্ত্ৰী ড° মাণিক সাহা, কেন্দ্ৰীয় মন্ত্ৰী প্ৰতিমা ভৌমিক, মন্ত্ৰী ৰামপ্ৰসাদ পাল, ৰতনলাল নাথ আৰু সুশান্ত চৌধুৰী জয়ী হয় যদিও উপ মুখ্যমন্ত্ৰী জিষ্ণু দেববৰ্মা পৰাস্ত হয়। চি পি এমৰ ৰাজ্যিক সম্পাদক জিতেন চৌধুৰী, বৰ্তমানৰ কংগ্ৰেছৰ ৰাজ্যিক সভাপতি বীৰ্জিৎ সিনহা আৰু প্ৰাক্তন সভাপতি সুদীপ ৰায়বৰ্মন আৰু গোপাল ৰয়ে জয়লাভ কৰে। কংগ্ৰেছে পুনৰ নগালেণ্ডত একাউণ্ট খুলিব পৰা নাই। ৬০খন আসনৰ ভিতৰত বিজেপিয়ে ১২খন আৰু এনডিপিপিয়ে ২৪খন আসন লাভ কৰিবলৈ গৈ আছে।

Leave A Reply

Your email address will not be published.