জনপ্ৰিয় ইউটিউবাৰ এগৰাকীয়ে নিজৰ ব্ৰেণ্ডৰ বিজ্ঞাপনৰ বাবে আচৰিত ব্যৱস্থা গ্ৰহণ কৰে।
কেইমিনিটমানৰ ভিতৰতে এখন বিলাসী গাড়ী ভাঙি পেলালে। ইউটিউবাৰৰ সফলতা দেখি নেটিজেনৰ আচৰিত।
শেহতীয়াকৈ মিখাইল লিটভিন নামৰ এজন ৰাছিয়ান ইউটিউবাৰে শীতল পানীয়ৰ বিজ্ঞাপনৰ বাবে কেইমিনিটমানৰ ভিতৰতে এখন লেমবৰ্গিনি গাড়ী ভাঙি পেলাইছিল। ভাৰতত ইয়াৰ বজাৰ মূল্য ৩ কোটি ১৫ লাখ টকা। বগা ৰঙৰ লেমবৰ্গিনি উৰুছ এছ ইউ ভিখন ভাঙি পেলোৱাৰ ভিডিঅ’টো তেওঁ ইউটিউবত শ্বেয়াৰ কৰে। যিটো ইতিমধ্যে এক কোটি লোকে দেখিছে।
প্ৰস্তুতিৰ পৰ্যায়ৰ পৰা গাড়ী ভাঙি যোৱাৰ একেবাৰে শেষলৈকে প্ৰতিটো মুহূৰ্ত তেওঁ কেমেৰাত বন্দী কৰিছিল। ভাইৰেল ভিডিঅ’টোত শীতল পানীয়ৰে ভৰা শ শ বাকচ ক্ৰেনত বান্ধি ৰখা হৈছে। পিছত বিলাসী গাড়ীখনৰ ওপৰত পেলাই দিয়া হ’ল। তীব্ৰ শব্দৰ পিছত মিনিটৰ ভিতৰতে গাড়ীখন ভাঙি যায়। ভিডিঅ’টো চাই নেটিজেনসকলে মিশ্ৰিত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। আনকি একাংশই ইউটিউবাৰক ক্ষোভিত কৰে।