Daily Time Axom

আকৌ উৎকোচ কাণ্ডঃ উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ শিক্ষা বিষয়া বুদ্ধ কটকী

0 33

নিউজ ডেস্ক, ৪ মাৰ্চঃ আকৌ উৎকোচ কাণ্ড। এইবাৰ কামৰূপত ধৰা পৰিল শিক্ষা বিষয়া। দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত হাতে-লোটে গ্ৰেপ্তাৰ শিক্ষা বিষয়া বুদ্ধ কটকী। গুৱাহাটী মহকুমাৰ বিদ্যালয়ৰ উপ-পৰিদৰ্শক ঘোচখোৰ বুদ্ধ কটকী। বিদ্যালয়ৰ নামত আৱণ্টিত উন্নয়ন পুঁজিৰ হিচাবত সকাহ দিয়াৰ বাবদ ধন বিচাৰিছিল শিক্ষা বিষয়াগৰাকীয়ে। আজি সেই ধন গ্ৰহণৰ সময়তে হাতে-লোটে গ্ৰেপ্তাৰ হয় কটকী। উল্লেখ্য যে, ইয়াৰ পূৰ্বে শুকুৰবাৰৰ দিনটোত ৰাজ্যত ঘোচ লৈ গ্ৰেপ্তাৰ হৈছিল তিনিজনকৈ চৰকাৰী কৰ্মচাৰী।

Leave A Reply

Your email address will not be published.