নিউজ ডেস্ক, ৪ মাৰ্চঃ পেৰিছ ফেশ্বন উইকত উজলিল অসম কন্যা সংযুক্তা দত্ত। পেৰিছত প্ৰদৰ্শন হ’ল অসমীয়া থলুৱা নুনী পাটৰ নতুন ফেশ্বন সম্ভাৰ ‘চিকি-মিকি’।
পেৰিচত প্ৰদৰ্শিত এই ‘চিকি-মিকি’ ফেশ্বন শ্ব’ত পাট-মূগাত নতুন ডিজাইনৰ সংমিশ্ৰণেৰে এগৰাকী নাৰীৰ সৌন্দৰ্যক পুনৰ নতুনকৈ উজলাই তোলাৰ প্ৰয়াস কৰিছে আন্তঃৰাষ্ট্ৰীয় ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তই।
উল্লেখযোগ্য যে, সংযুক্তা দত্ত হ’ল ইতিপূৰ্বে লেকমে ফেশ্বন শ্ব’ত নিজৰ ডিজাইন প্ৰদৰ্শন কৰা প্ৰথম গৰাকী অসমীয়া মহিলা ৷ ভাৰতৰ বিখ্যাত ফেশ্বন শ্ব’বোৰৰ উপৰিও লেকমে ফেশ্বন উইক, FDCI, লণ্ডন ফেশ্বন শ্ব’ আদি বিশ্বৰ আগশাৰীৰ ফেশ্বন শ্ব’ত অংশগ্ৰহণেৰে নিজৰ সুকীয়া পৰিচয় লাভ কৰিবলৈ সক্ষম হৈছে।