চাবুৱাত ভয়ংকৰ ঘটনা! মেচিনত সোমাই কৰুণ মৃত্যু শ্ৰমিকৰ

নিউজ ডেস্ক, ৪ মাৰ্চঃ চাবুৱাৰ বায়ুসেনা ছাউনীত ভয়ংকৰ ঘটনা। মিক্সাৰ মেচিনত সোমাই কৰুণ মৃত্যুক সাৱটিবলগীয়া হ’ল প্ৰণৱ দত্ত নামৰ এজন শ্ৰমিকে। লোমা ইনফ্ৰা প্ৰাঃ লিঃ কোম্পানীত কৰ্মৰত আছিল প্ৰণৱ। কাম কৰি থকাৰ সময়তে সোমাই যায় মেচিনত। ঘটনাৰ পাছতে ক্ষুব্ধ গাঁওবাসীয়ে মৃতদেহ লৈ ঘেৰাও কৰে চাবুৱা থানা।

জানিব পৰা মতে, চাবুৱাৰ বালিজান পানীএৰা গাঁৱৰ নিৱাসী প্ৰণৱ দত্ত নামৰ শ্ৰমিকজনে বিশেষ মেচিনত কাম কৰি থকাৰ সময়তে মেচিনটো চলি যোৱাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। সংকটজনক অৱস্থাত চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও পৰৱৰ্তী সময়ত মৃত্যু হয় শ্ৰমিকজনৰ।

AssamAssamese NewsDaily time axomDeathDibrugarhIndia
Comments (0)
Add Comment