১৩ বছৰীয়া কিশোৰৰ সন্তানৰ মাতৃ হ’ল ৩১ বছৰীয়া মহিলা,কিন্তু কিয়…

১৩ বছৰীয়া কিশোৰৰ সন্তানৰ মাতৃ হ’ল ৩১ বছৰীয়া মহিলা,কিন্তু কিয়…

এগৰাকী ৩১ বছৰীয়া আমেৰিকান মহিলাৰ ১৩ বছৰীয়া ল’ৰাৰ সৈতে শাৰীৰিক ঘনিষ্ঠতা আছিল। আৰু তাৰ বাবেই মহিলাগৰাকী গৰ্ভৱতী হ’ল।

আমেৰিকাৰ ক’লৰাডো ৰাজ্যৰ এই ঘটনাই যোৱা বছৰ আলোড়নৰ সৃষ্টি কৰিছিল। মহিলাগৰাকীৰ বিৰুদ্ধে নাবালকক যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰা হৈছে। লগতে তেওঁক গ্ৰেপ্তাৰ কৰা হয়। কিন্তু তেওঁ এতিয়া জেলৰ পৰা ওলাই আহিছে। স্বাভাৱিকতে প্ৰশ্ন উত্থাপন হৈছে যে তেওঁ জেলৰ পৰা কিয় উলাই আহিল?

জানিব পৰা মতে, আৰক্ষীয়ে মূলতঃ আন্দ্ৰেয়া চেৰানো নামৰ মহিলাগৰাকীৰ বিৰুদ্ধে দুটা অভিযোগ উত্থাপন কৰিছে। প্ৰথমতে, আস্থা ভংগ। দ্বিতীয়তে, নাবালকৰ যৌন নিৰ্যাতন।

যোৱা জুন মাহত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। আৰক্ষীৰ জেৰাৰ সময়ত তেওঁ কিশোৰগৰাকীৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰা বুলিও স্বীকাৰ কৰে। ইয়াৰ পিছত গম পোৱা যায় যে তাই গৰ্ভৱতী। ইয়াৰ পিছত জুলাই মাহত আন্দ্ৰেয়াই ৭০ হাজাৰ মাৰ্কিন ডলাৰৰ বিনিময়ত জামিন লাভ কৰে।

শেহতীয়াকৈ খবৰ ওলাইছিল যে আন্দ্ৰেয়াৰ অধিবক্তাই চৰকাৰী অভিযুক্তৰ সৈতে এক চুক্তিত উপনীত হৈছে। ফলত তেওঁক ‘যৌন অপৰাধী’ বুলি লেবেল লগোৱা হ’লেও জেলৰ কাৰাদণ্ড ভুগিব নালাগিব। সেই হিচাপে অভিযুক্ত মহিলাগৰাকী এতিয়াৰ বাবে বাহিৰত। কিন্তু গোচৰটো এতিয়াও চলি আছে। ইফালে আন্দ্ৰেয়াই এটা সন্তান জন্ম দিয়ে। এতিয়া শিশুটিৰ লগতে আছে।

এনে অৱস্থাত ল’ৰাটোৰ মাকে অভিযোগ কৰে যে, “মোৰ ল’ৰাৰ শৈশৱ তাৰ পৰা চুৰি কৰা হৈছে।” তেওঁ গোটেই জীৱন এই সত্যৰ সৈতে জীয়াই থাকিব লাগিব।” তেওঁৰ মতে, কিশোৰীগৰাকীয়ে আন্দ্ৰেয়াক ‘মা’ বুলি মাতিছিল।

AssamDaily time axomGuwahatiIndiaInternationalNew DelhiWorld
Comments (0)
Add Comment