Daily Time Axom

‘মোডীৰ বিৰোধিতাৰ বাবেই আক্ৰমণ’, ব্ৰিটেইনৰ আলোচনা চক্ৰত বিবিচিৰ কাষত ৰাহুল

0 24

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আক্ৰমণ কৰিব লগা হৈছে। বিবিচিৰ ক্ষেত্ৰতো একেই কথা। ব্ৰিটেইনত থিয় হৈ কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে পুনৰবাৰ মোডী চৰকাৰক ‘বদনাম’ কৰিলে। তেওঁৰ মতে ভাৰতত প্ৰধানমন্ত্ৰীৰ সুনাম অন্ধভাৱে প্ৰচাৰ কৰিলে সমৰ্থন পোৱা যায়। আৰু কিবা সুধিলে আক্ৰমণ হয়।

বিবিচি বিষয়ত কংগ্ৰেছে আৰম্ভণিৰে পৰাই চৰকাৰৰ বিৰোধিতা কৰি আহিছে। এইবাৰ ব্ৰিটিছ মাটিত থিয় হৈ ৰাহুলে ব্ৰিটিছ সংবাদ মাধ্যমলৈ সমৰ্থনৰ বাৰ্তা প্ৰেৰণ কৰে। মন কৰিবলগীয়া যে ইতিমধ্যে কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীয়ে ব্ৰিটিছৰ মাটিত থিয় হৈ দেশৰ বদনাম কৰা বুলি অভিযোগ উত্থাপন কৰিছে বিজেপিয়ে। কোৱা বাহুল্য যে বিবিচি বিষয়ত ৰাহুলৰ মন্তব্যক লৈও একে অভিযোগ উত্থাপন হ’ব।

যদিও আজি ৰাহুলে স্পষ্টকৈ কৈছে, তথাপিও তেওঁ কেতিয়াও বহিঃৰাজ্যলৈ গৈ দেশৰ বদনাম কৰাৰ কথা ভাবিব নোৱাৰে। বৰঞ্চ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশখনক সৰু যেন দেখুৱাবলৈ চেষ্টা কৰে। ৰাহুলে ক’লে, মোৰ মনত আছে শেষবাৰৰ বাবে বিদেশলৈ যোৱাৰ সময়ত প্ৰধানমন্ত্ৰীয়ে কৈছিল যে ৭০ বছৰত দেশত একো হোৱা নাই। আমি যোৱা ১০ বছৰ অপচয় কৰিলোঁ। এয়া প্ৰতিজন ভাৰতীয়ৰ অপমান নহয়নে?

মন কৰিবলগীয়া যে কংগ্ৰেছৰ সাংসদগৰাকী বৰ্তমান ১০ দিনীয়া ব্ৰিটেইন ভ্ৰমণত আছে। সোমবাৰে ব্ৰিটিছ সংসদত ভাষণ দিয়াৰ কথা কংগ্ৰেছৰ সাংসদগৰাকীয়ে। ইয়াৰ পিছত তেওঁ ব্ৰিটেইনত ভাৰতীয় মূলৰ লোকৰ সৈতেও কথা পাতিব। কংগ্ৰেছৰ সূত্ৰ অনুসৰি ইতিমধ্যে ৰাহুলৰ সৈতে কথা পাতিবলৈ ভাৰতীয় মূলৰ দুহেজাৰ লোকে পঞ্জীয়ন কৰিছে।

Leave A Reply

Your email address will not be published.