শ্বুটিঙৰ সময়ত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত বিগ বি অমিতাভ বচ্চন

নিউজ ডেস্ক, ৬ মাৰ্চঃ আঘাতপ্ৰাপ্ত বলীউডৰ অভিনেতা অমিতাভ বচ্চন। শ্বুটিঙৰ সময়তে আঘাতপ্ৰাপ্ত বিগ-বি। হায়দৰাবাদত শ্বুটিং চলি থকাৰ সময়তে ঘটিল অঘটন। শ্বাস-প্ৰশ্বাসত কষ্ট অনুভৱ কৰিছে অমিতাভ বচ্চনে। আহিবলগীয়া বোলছবি ‘প্ৰজেক্ট কে’ৰ শ্বুটিঙৰ সময়তে এই অঘটন।

এক্সনৰ দৃশ্যত অংশগ্ৰহণৰ সময়তে ঘটিল এই অঘটন। হায়দৰাবাদত চিকিৎসাৰ পাছত মুম্বাইলৈ প্ৰেৰণ অমিতাভ বচ্চনক। বিগ-বিৰ আঘাতৰ বাবে সাময়িকভাৱে বন্ধ ৰখা হৈছে শ্বুটিং।

এই ছবিখন নাগ অশ্বিনৰ দ্বাৰা পৰিচালিত হৈছে। অমিতাভ বচ্চনৰ উপৰিও প্ৰভাস, দীপিকা পাডুকন আৰু দিশা পাটানি ছবিখনত মুখ্য চৰিত্ৰত আছে। চলচ্চিত্ৰখন ২০২৪ চনৰ ১২ জানুৱাৰীত মুক্তি পাব।

Amitabh BacchanAssamese NewsbollywoodDaily time axomHyderabadIndiaInjuredMumbai
Comments (0)
Add Comment