পুনৰ ভাইৰেল মেট্ৰিকৰ প্ৰশ্নকাকত, পৰীক্ষা আৰম্ভ হোৱাৰ পাছতে মোবাইলে মোবাইলে গণিতৰ পেপাৰ

নিউজ ডেস্ক, ৬ মাৰ্চঃ আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দ্বিতীয় দিন। গণিত বিষয়ৰ পৰীক্ষা আৰম্ভ হোৱাৰ পাছতে ভাইৰেল প্ৰশ্নকাকত। বিভিন্নজনৰ ম’বাইলে ম’বাইলে বিয়পি পৰিছে কাকতখন। কাছাৰৰ লক্ষীপুৰৰ এটা পৰীক্ষাকেন্দ্ৰৰ পৰা কাকতখন ভাইৰেল হৈছে। ঘটনা সন্দৰ্ভত এই পৰ্যন্ত মুখ খোলা নাই শিক্ষা বিভাগে।

এই খবৰ সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পিছতে উপায়ুক্তক তদন্তৰ নিৰ্দেশ দিছে ছেবাৰ অধ্যক্ষ ৰমেশ চান্দ জৈনে। ৰমেশ চান্দ জৈনে কয় যে , ‘সম্ভৱতঃ এয়া মিছা কথা যেনহে লাগিছে।’

AssamAssamese NewsDaily time axomHSLC ExamIndiaPaper LeakSEBA
Comments (0)
Add Comment