গীনিজ বুক ৰেকৰ্ডত লিখা হ’ল এটা কুকুৰাৰ নাম

গীনিজ বুক ৰেকৰ্ডত লিখা হ’ল এটা কুকুৰাৰ নাম।

আমেৰিকাৰ মিচিগানত গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত স্থান লাভ কৰিছে পিনাট নামৰ এটা কুকুৰাই।

কুকুৰাটোৰ বয়সৰ বাবে ই গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত স্থান পাইছে।

পিনাটৰ বয়স ২০ বছৰ ৩০৫ দিন।

২০০২ চনৰ বসন্ত কালত জন্ম হৈছিল পিনাট। অৱশ্যে মাক, ভাই-ভনীৰ লগত ডাঙৰ-দীঘল হ’ব নোৱাৰিলে। সেয়েহে সি অকলেই ডাঙৰ হৈছিল। পিনাটৰ জন্মৰ আগতেই মাকে আন কণী এটা এৰি থৈ গৈছিল। পিনাটৰ মালিক মাৰ্চি ডাৰউইনে পিনাটৰ মাকে এৰি থৈ যোৱা কণীটো পানীত পেলাবলৈ ওলাইছিল। তেতিয়াই তেওঁ লক্ষ্য কৰিলে যে এটা কুকুৰা ফুটি আছে। তেতিয়াৰ পৰাই মাৰ্চিৰ লগত পিনাট আছে।

AssamDaily time axomGuwahatiIndiaInternationalNew DelhiWorld
Comments (0)
Add Comment