Daily Time Axom

বিশ্বৰ আটাইতকৈ প্ৰভাৱশালী মহিলাৰ তালিকাত বলীউডৰ তাৰকা

0 35

প্ৰিয়ংকা চোপ্ৰা আৰু দীপিকা পাডুকনৰ দৰে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্ৰীক এৰি ২০২৩ চনত বিশ্বৰ আটাইতকৈ প্ৰভাৱশালী মহিলাৰ তালিকাত স্থান লাভ কৰিছে বলীউডৰ অভিনেত্ৰী আলিয়া ভাটে।

শেহতীয়াকৈ এখন আগশাৰীৰ আলোচনীয়ে এখন তালিকা প্ৰকাশ কৰিছে। সেই তালিকাত তেওঁৰ স্থান আছিল।

আলোচনীখনৰ প্ৰতিবেদন অনুসৰি আলিয়াই ২০২২ বৰ্ষটো খুব ভালকৈ আৰম্ভ কৰিছিল। ‘গাংগুবাই কঠিয়াৱাড়ী’, ‘আৰ আৰ আৰ’ আৰু ‘ব্ৰহ্মস্ত্ৰ: প্ৰথম খণ্ড শিৱ’ৰ জৰিয়তে বছৰটোৰ আৰম্ভণি কৰে। স্বামী ৰণবীৰ কাপুৰৰ সৈতে ‘ব্ৰহ্মস্ত্ৰ’ চিনেমাতো দেখা গৈছিল। এই তাৰকা দম্পতীয়ে ইতিমধ্যে এগৰাকী কন্যা সন্তান জন্ম দিছে। নেটফ্লিক্সৰ ‘হাৰ্ট অৱ ষ্টোন’ত তেওঁ গাল গাড’টৰ সৈতে অভিনয় কৰিছিল। এইদৰে নায়িকাগৰাকীয়ে বলীউডক এক আচৰিত উপহাৰ দিছে।

ইফালে, প্ৰভাৱশালী মহিলাৰ তালিকাত মিলি আলকুক, এমিলি কেৰীৰ দৰে হলিউডৰ তাৰকাৰ নামো স্থান পাইছে।

Leave A Reply

Your email address will not be published.