নিউজ ডেস্ক, ৭ মাৰ্চঃ ইতিহাস ৰচিলে ছালহাওতোনো ক্ৰুছেই। ৰাজ্য গঠনৰ পিছত নাগালেণ্ডত প্ৰথমবাৰলৈ মন্ত্ৰী ৰূপে শপত ল’লে মহিলাই। চলিত নিৰ্বাচনত প্ৰথমবাৰলৈ বিধানসভালৈ নিৰ্বাচিত হৈছিল দুগৰাকী মহিলাই।
আনহাতে, ৰিঅ’ মন্ত্ৰীসভাৰ কেবিনেট মন্ত্ৰীসকল হ’ল জি কে আয়ে, জেকব জিমমী, কে জি কেনী, পি পাইৱাং কন্যাক, এম জমিৰ, টেমজেন ইমনা আলং, চি এল জন, ছালহৌটৌনৌ ক্ৰুজে আৰু পি বি ছাং।