Daily Time Axom

কামৰূপ মহানগৰ প্ৰশাসনৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা, ভাঙি পেলোৱা হ’ব বাহিনী নৈৰ ওপৰত থকা ৮৯ খন দলং

0 38

নিউজ ডেস্ক, ৭ মাৰ্চঃ গুৱাহাটীৰ কৃত্ৰিম বানৰ সমস্যা দূৰ কৰাৰ বাবে GMC আৰু মহানগৰ জিলা প্ৰশাসনে মুঠ ৮৯ খন দলং ভাঙিব। গুৱাহাটী পৌৰ নিগমে গুৱাহাটী মহানগৰৰ কৃত্ৰিম বানৰ সমস্যা দূৰ কৰাৰ বাবে চলোৱা অনুসন্ধানৰ প্ৰতিবেদনত উল্লেখ কৰা মতে বাহিনী নৈৰ ওপৰত থকা ৮৯ খন দলঙে নৈ খনৰ স্বাভাবিক পানী চলাচলৰ বাবে অসুবিধাৰ সৃষ্টি কৰিছে ৷

যাৰ বাবে গুৱাহাটী পৌৰ নিগমে ৰাজ্য চৰকাৰক দিয়া প্ৰতিবেদনৰ ভিত্তিত কামৰূপ মহানগৰ জিলা উপায়ুক্ত পল্লৱ কুমাৰ ঝাই বাহিনী নৈৰ ওপৰত থকা ৮৯ খন দলং ভঙাৰ নিৰ্দেশ দিয়ে ৷ এই নিৰ্দেশ শীঘ্ৰে কাৰ্যকৰী কৰাৰ লগতে যদি কোনো লোকে বাধা প্ৰদান কৰে তেন্তে তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ কথাও উল্লেখ কৰে উপায়ুক্ত গৰাকীয়ে ৷

নিৰ্দেশনা মতে, নয়নপুৰ পথৰ RCC দলং, খগেন মহন্ত পথৰ হেঙেৰাবাৰী  RCC দলং, NEDFI HOUSE ৰ RCC দলং, NABARD ৰ সন্মূখৰ RCC দলং, ৰাজ্যিক চিৰিয়াখানাৰ প্ৰৱেশ পথত থকা RCC দলঙৰ লগতে ৰাজহুৱা পথৰ ওপৰত থকা দলং ভঙা হ’ব ৷ ইয়াৰ সমান্তৰালকৈ প্ৰসাশনে বাহিনীৰ সমীপত থকা বহু ঘৰ, এপাৰ্টমেণ্টৰ সন্মুখত বনোৱা RCC বা লোহাৰ দলঙকো ভঙাৰ নিৰ্দেশ দিছে।

Leave A Reply

Your email address will not be published.