নিউজ ডেস্ক, ৭ মাৰ্চঃ আজি ৰঙৰ উৎসৱ ফাকুৱা । ফাগুন মাহৰ পূৰ্ণিমাত হিন্দু ধৰ্মাৱলম্বী লোকসকলে পূৰ্বৰে পৰাই ফাকুৱা উদযাপন কৰি আহিছে । এই ফাকুৱা বিভিন্ন সময়ত হোলী, ফাল্গুৎসৱ, দৌলোৎসৱ, মদনোৎসৱ আদি নামেৰেও জনা যায় । সমগ্ৰ ভাৰতবৰ্ষতেই হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ প্ৰাচীনতম উৎসৱ হোলী অথবা ফাকুৱা ফাগুন মাহৰ পূৰ্ণিমা তিথিত উদযাপন কৰা কৰা হয় ।
উল্লেখ্য যে, যদিও হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ উৎসৱ বুলি কোৱা হৈছে তথাপিও ধৰ্ম-বৰ্ণ নিৰ্বিশেষে হোলী উদযাপন হৈ আহিছে ভাৰতবৰ্ষত।
ভাৰতৰ লগতে অসমৰ বৰপেটাত এই ফাকুৱা অথবা দৌলোৎসৱ তিনিৰ পৰা পাঁচ দিনলৈকে উদযাপন কৰা হয়।