নিউজ ডেস্ক, ৮ মাৰ্চঃ আজি আগৰতলাৰ স্বামী বিবেকানন্দ ময়দানত মানিক সাহাই একেৰাহে দ্বিতীয়বাৰৰ বাবে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। অনুষ্ঠানটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপি সভাপতি জে পি নাড্ডাও উপস্থিত আছিল।
উল্লেখ্য যে, এইবাৰ ত্ৰিপুৰাত এগৰাকী মহিলা মুখ্যমন্ত্ৰী হ’ব পাৰে বুলি অনুমান কৰা হৈছিল আৰু প্ৰতিমা ভৌমিকৰ নাম শীৰ্ষস্থানত আছিল বুলি জানিব পৰি গৈছিল। কিন্তু ৬ মাৰ্চত সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই বিজেপিয়ে ঘোষণা কৰে যে মানিক সাহা পুনৰ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী হ’ব।